Show/Hide Keyboard Layout

জিলিকি জিলিকা

- দিপেন বৰুৱা

জিলিকি জিলিকা তৰা আকাশৰে

চিটিকি যদিহে কাষৰতে পৰে

পলকতে লোৱা বুটলি

এ সময়ৰ টিকনি আগফালে উৰে মামা ।

 

জিলিকি জিলিকা তৰা আকাশৰে হা …

অ’ অ’ বাইদেউ জীৱনৰ পিছল বাট

খোজ দিবা লাহেকৈ

অ’ অ’ বাইদেউ, অ’ অ’ বাইদেউ

এই বাটত তোমালৈ দুটি মানুহ আছে ৰৈ

অ’ অ’ বাইদেউ, অ’ অ’ বাইদেউ

এজনে ছবি আঁকি ৰাখে নৰম দাঢ়ি

এ আনজনে আলু বেচি চলাইছিলে গাড়ী

অ’ বাইদেউ এতিয়াই ভাবা

ততালিকে ভাবা ।

 

জীৱনৰ ডোলেৰে কাক বান্ধিবা ?

কাকনো বান্ধিব কৈ দিয়া দাদা ।

পটেটোৱালা এই জিংক পাইপ পিন্ধা

জীৱনৰ ডোলেৰে এতিয়াই বান্ধা

অ’ অ’ বাইদেউ জীৱনৰ খেলা

নকৰিবা হেলা

ৰঘুমলা হৈ পিনে এতিয়াই বান্ধা বাইদেউ

পটেটোৱালা এই জিংক পাইপ পিন্ধা ।

 

অ’ অ’ ভাইটি এই দাঢ়ি এতিয়াই কাটি পেলোৱা

তাৰে পাঁচডাল ব্ৰাছ বনোৱা

আঠ অনা কৈ চাৰে-তিন টকা পাবা

এ এক লিটাৰ মিঠাতেল তুমি কিনি লবা

মিঠাতেল কিনি মই কি কৰিম দাদা

বৰ বৰ ইঞ্জিনত তেল দি যাবা

ইঞ্জিনৰ মাতষাৰ তেতিয়াহে পাবা

পালে মাতি জীৱনৰ পখিলা পাবা ।

 

অ’ অ’ ভাইটি কি হ’ব খচলাম, যদি নাই ইনকাম

মনিৰামে ৰাম ৰাম

মনিৰামে ঠেলিলেহে জীৱনৰ চাক্কা ঘূৰে

এ সময়ৰ টিকনি আগফালে উৰে মামা ।।

Hits: 2623